অসমৰ সংবাদ জগতৰ এগৰাকী অন্যতম মহীৰূহ ‘দ্য আছাম ট্ৰিবিউন’ বাতৰিকাকতৰ সম্পাদক, পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাই ইহলীলা সম্বৰণ কৰাত বৃহস্পতিবাৰে পুৱা ১০-৩০ বজাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ এটি সঁজাতি দলে তেওঁৰ চান্দমাৰী নৱগিৰি পথত থকা বাসগৃহলৈ গৈ শোকসন্তপ্ত পৰিয়ালবৰ্গক লগ ধৰি এটি শোকপ্ৰস্তাৱ অৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায়। মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুণ কুমাৰ মহন্তৰ নেতৃত্বত যোৱা এটি দলে সদ্য প্ৰয়াত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।দলটোৱে প্ৰয়াত বৰুৱাৰ পত্নী ৰেখা বৰুৱাৰ হাতত শোক পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত প্ৰয়াত বৰুৱাৰ দুই জী ববিতা ৰাজখোৱা আৰু বণিতা ৰাজখোৱা উপস্থিত থাকে।
কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ শোক প্ৰস্তাৱ প্ৰদান
By WPN Report
On: December 19, 2025 2:28 PM

---Advertisement---












