দৰং জিলাৰ ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি শিক্ষাৰ্থী ক্ৰমে জ্যোতিষ্মিতা শৰ্মা, উপাসনা শৰ্মা আৰু জীনা প্ৰিয়ম শৰ্মাই মহাৰাষ্ট্ৰৰ পুনেত অহা ২০ ডিচেম্বৰৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ে আয়োজন কৰা ৰাষ্ট্ৰীয় কলা উৎসৱ ২০২৫ ৰ দলীয় লোক কলা শিতানত অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন কৰে। উপাসনাই ওজা আৰু জ্যোতিষ্মিতা, জীনাই পালি হিচাপে ৰাষ্ট্ৰীয় মঞ্চত ব্যাসৰ ওজাপালি সংগীত প্ৰদৰ্শন কৰিব। ইয়াৰ পূৰ্বে তিনি উদীয়মান শিল্পীয়ে যোৱা ৩ নবেম্বৰত গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক কলা উৎসৱত ব্যাস ওজাপালি প্ৰদৰ্শন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰদৰ্শন কৰাৰ বাবে নিৰ্বাচিত হৈছিল।।
ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনি শিক্ষাৰ্থীৰ অসমক প্ৰতিনিধিত্ব কৰাৰ যোগ্যতা অৰ্জন
By WPN Report
On: December 18, 2025 1:43 PM

---Advertisement---












