উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে অগ্ৰগণ্য উচ্চ শিক্ষাৰ অনুষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু বিহু সুৰক্ষা সমিতি, অসমৰ মাজত বিহু সংস্কৃতিৰ বিদ্যায়তনিক তথা গৱেষণামূলক কৰ্ম সন্মিলিতভাৱে ৰূপায়নৰ বাবে যৌথ সহযোগিতাৰ এখনি চুক্তি মঙলবাৰে সম্পাদন হৈ যায়৷বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কাৰ্যালয়ত সম্পাদন হোৱা এই চুক্তিৰ আধাৰত বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ যোগেদি বিহু সুৰক্ষা সমিতি,অসমৰ সৈতে সন্মিলিতভাৱে বিহু সম্পৰ্কীয় এলানি শৈক্ষিক আৰু গৱেষণামূলক কৰ্ম ৰপায়িত হ’ব৷ কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাৰ উপস্থিতিত বিশ্ববিদ্যালয়ৰ হৈ পঞ্জীয়ক ড০ পৰমানন্দ সোণোৱাল,ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড০ পল্লৱী ডেকা বুজৰবৰুৱা আৰু বিহু সুৰক্ষা সমিতি,অসমৰ সভাপতি আৰু সম্পাদক ক্ৰমে যতীন গগৈ আৰু ৰেৱ বৰাই চুক্তিত স্বাক্ষৰ কৰে ৷ উক্ত কাৰ্যসূচীত বিশ্ববিদ্যালয়ৰ তথ্য আৰু আইন বিষয়া দেৱৰাজ শৰ্মা আৰু ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ সহকাৰী অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱাই সহযোগিতা আগবঢ়াই৷ চুক্তি সম্পাদন হোৱাৰ পিছতে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জিতেন হাজৰিকাই জাতীয় সংস্কৃতি বিহুৰ সম্পৰ্কে বিদ্যাতনিকভাৱে কৰিবলগীয়া কেতবোৰ গুৰত্বপূৰ্ণ কামৰ সম্পৰ্কে উল্লেখ কৰে৷এইক্ষেত্ৰত দূৰদৰ্শী চিন্তা আৰু পৰিকল্পনাৰে কৰ্মসূচী আগবঢ়াই নিবলৈ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰ আৰু বিহু সুৰক্ষা সমিতি,অসমক উপাচাৰ্যগৰাকীয়ে আহ্বান জনায়৷ উল্লেখ্য যে জাতীয় জীৱনৰ আয়ুসৰেখা বিহু সংস্কৃতিক উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত অধ্যয়ন তথা চৰ্চাৰ বাবে উদ্যোগ গ্ৰহণ কৰা বাবে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু পঞ্জীয়কক বিহু সুৰক্ষা সমিতি,অসমে সম্বৰ্ধনা জ্ঞাপন কৰে৷











