কাছাৰ জিলা প্ৰশাসনে জনসাধাৰণৰ সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰাখিবলৈ ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। জিলা আয়ুক্ত মৃদুল যাদৱে বি এন এছ এছৰ ১৬৩ ধাৰাত এই আদেশ জাৰি কৰিছে। এই নিৰ্দেশ দুমাহলৈকে বলবৎ থাকিব।
এই নিৰ্দেশ অনুসৰি সীমান্তৰ এক কিলোমিটাৰ এলেকাত সূৰ্যাস্তৰ পৰা সূৰ্য্য উদয়লৈকে ব্যক্তিগত চলাচল নিষিদ্ধ কৰা হৈছে। তদুপৰি বৰাক (সুৰমা) নদীৰ জলপথ আৰু ওখ পাৰত নিশাৰ চলাচল, যাতায়ত আৰু নিয়ন্ত্ৰিত মাছ ধৰাৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে।
তদুপৰি সীমান্তৰ গাতে লাগি থকা পাঁচ কিলোমিটাৰ এলেকাত চেনি, চাউল, ঘেঁহু, খাব পৰা তেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ নিশা পৰিবহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। অৱশ্যে চৰকাৰী কামত নিয়োজিত কৰ্মচাৰীসকল এই আদেশৰ পৰিসৰৰ বাহিৰত থাকিব।প্ৰশাসনে এই নিৰ্দেশ ততাতৈয়াকৈ কাৰ্যকৰী হোৱা বুলি জানিবলৈ দিয়ে আৰু দুমাহলৈকে কাৰ্যকৰী হৈ থাকিব।













