শেহতীয়াকৈ মৰক্কোৰ আটলাণ্টিক উপকূলীয় অঞ্চলত প্ৰচণ্ড বৰষুণৰ ফলত সৃষ্টি হোৱা ক্ষন্তেকীয়া বানপানীয়ে (Flash Floods) ব্যাপক ক্ষতিসাধন কৰিছে। বাতৰি অনুসৰি, দেশখনৰ ছাফি (Safi) প্ৰদেশত এই ভয়াৱহ বানে কমেও ৩৭ জন লোকৰ প্ৰাণ কাঢ়ি নিছে।
মাত্ৰ এঘণ্টাৰ তীব্ৰ বৰষুণৰ ফলত ছাফি চহৰৰ ঐতিহাসিক পুৰণি অঞ্চলৰ ৭০ টাতকৈও অধিক ঘৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠান পানীৰে ডুব যায়। বানপানীৰ ফলত ৰাস্তাত থকা গাড়ীসমূহ উটি যোৱাৰ লগতে বহুতো ঘৰ আৰু দোকানৰ বিস্তৰ ক্ষতিসাধন হয়। ইয়াৰ উপৰিও, কমেও ১৪ জন লোকে চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিবলগীয়া হৈছে।
দীর্ঘদিন ধৰি চলি থকা খৰাং বতৰৰ পাছত হঠাৎ হোৱা এই বৰষুণে এফালে যেনেকৈ পানীৰ অভাৱ দূৰ কৰিব পাৰে, তেনেকৈ আনফালে অভাৱনীয়ভাৱে জনসাধাৰণৰ জীৱনলৈ দুৰ্যোগ নমাই আনিছে। বৰ্তমান উদ্ধাৰ অভিযান অব্যাহত আছে আৰু প্ৰভাৱিত লোকসকলক সহায় কৰাৰ বাবে জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই দুৰ্যোগৰ কাৰণ জানিবলৈ চৰকাৰীভাৱে তদন্তৰ নিৰ্দেশ দিয়া হৈছে।









