যোৰহাট কুশল কোঁৱৰ ইনডৰ ষ্টেডিয়ামত নিতৌ অনুশীলন কৰা যোৰহাট জিলা বেডমিণ্টন সন্থাৰ খেলুৱৈ অভিৰুচি শইকীয়া চতুৰ্থ মিনি ৰাষ্ট্ৰীয় বেডমিন্টনত চেম্পিয়ন হৈছে।
শণিবাৰে গুজৰাটৰ ভদোদৰাত ছোৱালী চিংগলছ ফাইনেলত অভিৰুচি শইকীয়াই তেলেংগানাৰ চাইনা শৰ্মাক ২১-১৪, ২১-৭ পইন্টত পৰাজিত কৰি ৰাষ্ট্ৰীয় বেডমিন্টনৰ খিতাপ জয় কৰে।
সম্ভৱত তেওঁ যোৰহাটৰ পৰা বেডমিণ্টনৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম গৰাকী খেলুৱৈ । সম্প্ৰতি যোৰহাটৰ আনায়ন বৰা আৰু প্ৰাংগন চৌধুৰীয়ে ৰাষ্টীয় পৰ্যায়ৰ পদক অৰ্জন কৰি জিলাখনলৈ সুনাম কঢ়িয়াই আনিছে।
অভিৰুচি সাঁতোৰ প্ৰশিক্ষক ৰিংকি শইকীয়া আৰু বেডমিণ্টন প্ৰশিক্ষক অচিন্ত শইকীয়াৰ একমাত্ৰ সন্তান। যোৰহাট জিলা বেডমিণ্টন সন্থাই বেডমিণ্টন সন্থাৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে অভিৰুচিক অভিনন্দন জ্ঞাপন কৰিছে।













