অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ভেৰগাঁৱৰ ডিমাকুছিত আৰক্ষীৰ সফল অভিযান গাড়ীসহ জব্দ বৃহৎ পৰিমানৰ গাঞ্জা

On: December 12, 2025 3:49 PM
Follow Us:
---Advertisement---

প্ৰায় দুই লক্ষাধিক টকাৰ গাঞ্জা সহ চাৰিচকীয়া বাহন জব্দ ডিমাকুছি আৰক্ষীৰ।

নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে ওদালগুৰি আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ স্থিতিৰ সময়তে আজি জিলা খনৰ ডিমাকুছি আৰক্ষীয়ে এক বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ ডিমাকুছি আৰক্ষীয়ে চলোৱা নিয়মীয়া তালাচীৰ সময়তে গোপন সূত্ৰৰ পম খেদি গাড়ী সহ জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমানৰ গাঞ্জা ৷ আৰক্ষীৰ তালাচীৰ সময়ত ওদালগুৰি দিশৰ পৰা অহা AS-25-Q-7208 নম্বৰৰ বগা বাহন খনক ৰবলৈ ইংগিত দিয়ে যদিও বাহন খনে আৰক্ষীৰ বেহু ফালি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীয়ে পিছে পিছে খেদি যোৱাত গাড়ী খন ডিমাকুছি চাহ বাগিছা নিউ লাইনত ৰখাই থৈ গাড়ীত থকা দুৰ্বৃত্তৰ দলটো পলাই যাবলৈ সক্ষম হয় । ডিমাকুছি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুমন সাহা আৰু টংলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিৱেন্দ্ৰ ব্ৰহ্মৰ সৈতে যোৱা ডিমাকুছি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ গাড়ী খনৰ পৰা প্ৰায় ৬২ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে আৰক্ষীয়ে গাড়ীসহ গাঞ্জা খিনি জব্দ কৰি দুৰ্বৃত্তৰ দলটোৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ বিগত কিছু বছৰৰ পৰা ওদালগুৰি নিচাযুক্ত সামগ্ৰীৰ কৰিডৰ হৈ পৰাৰ পাছতে আৰক্ষী এই অবৈধ চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হোৱা দেখা গৈছে ৷ সচেতন মহলে নিচাযুক্ত সামগ্ৰী সৰবৰাহৰ সৈতে জড়িত চক্ৰটোক উৎখাট কৰিবলৈ প্ৰশাসনক দাৱী জনাইছে ৷

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment