প্ৰাইড ইষ্ট এন্টাৰতেইনমেণ্টৰ দুই সাংবাদিকলৈ ছাত্র নেতা মনিময় গোস্বামী সোঁৱৰণী বঁটা।
নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক হেমন্ত কুমাৰ বৰুৱা আৰু নিয়মীয়া বাৰ্তাৰ জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ শৰ্মাক এই বঁটা প্ৰদান কৰা হয়।
আজি মঙ্গলদৈ ইউথ ক্লাৱত অনুষ্ঠিত এখন গাম্ভীৰ্য্যপূৰ্ণ সভাত অসম প্ৰেছ কৰস্পণ্ডেণ্ট ইউনিয়ম চমুকৈ আপকু ৰ দৰং জিলা সমিতিয়ে এই বঁটা সমূহ প্ৰদান কৰে।
লগতে অসম গৌৰৱ অনুপম ডেকাকো এই সভাতে সম্বৰ্ধনা জনোৱা হয়।
সভাত অসম গৌৰৱ অনুপম ডেকাই ভৱিষ্যত দৰঙৰ ব্যৱসায়িক ছবি দাঙি ধৰি ভাষণ প্ৰদান কৰে।
সভাত জিলাখনৰ প্ৰায় ভাগ জ্যেষ্ঠ কণিষ্ঠ সাংবাদিক আৰু জিলাখনৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকে।
প্ৰাইড ইষ্ট এন্টাৰতেইনমেণ্টৰ দুই সাংবাদিকলৈ ছাত্র নেতা মনিময় গোস্বামী সোঁৱৰণী বঁটা।
By WPN Report
On: December 8, 2025 3:58 PM

---Advertisement---












