ওদালগুৰিৰ গোলমা গাওঁৰ নিকটৱৰ্তী খাংখালাবাৰীত সংঘটিত হয় ভয়ংকৰ ঘটনাটো।
ফলত নিহত হয় ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মনোজ চৌহান (১২) নামৰ ষষ্ঠ শ্ৰেনীৰ ছাত্ৰ জন।
নিজ ঘৰৰ পৰা চাইকেলেৰে বিদ্যালয়লৈ আহি থকা অৱস্হাত ট্ৰেক্টৰ খনে মহতীয়াই নিয়ে ছাত্ৰ জনক।
ঘটনাটো সংঘটিত হোৱাৰ পিছতে ছাত্ৰ জনক ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও ইতিমধ্যে প্ৰান হেৰুৱাই ফুল কুমলীয়া ছাত্ৰ জনে।
ইয়াৰ পুৰ্বেও ওদালগুৰিত ডাম্পাৰৰ খুন্দাত এগৰাকী স্কুলীয়া ছাত্ৰী নিহত হব লগা হৈছিল।
ডাম্পাৰ ,ট্ৰেক্টৰ বিদ্যালয় আৰম্ভৰ পৰা চুটিলৈকে বন্ধ ঘোষনাৰ পিছতো এনে ঘটনা ঘটা বুলি সৰ্বত্ৰে অভিযোগ উত্থাপন হৈছে।













