নায্য দৰমহা প্রাপ্তিৰ পৰা ৰাজ্যৰ কেবাহাজাৰ হাইস্কুল স্নাতক শিক্ষক বঞ্চিত হোৱাৰ অভিযোগ । সপ্তম দৰমহা আয়োগৰ কিছু বিসংগতিৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি অভিযোগ সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ। মঞ্চই উল্লেখ কৰা মতে সপ্তম দৰমহা আয়োগে পে’ বেণ্ড গঠন কৰোঁতে বিভিন্ন পৰ্যায়ৰ কৰ্মচাৰীৰ বাবে সুকীয় স্তৰৰ বেতন ধার্য কৰাৰ সলনি কেবল বেলেগ বেলেগ গ্রেড পে’ ধার্য কৰে।

ষষ্ঠ দৰমহা আয়োগে পে’ বেণ্ড-২ ত বিভিন্ন পর্যায়ৰ কর্মচাৰীৰ বাবে ব্যৱস্থা কৰা বেতনৰ লগত গ্রেড পে’ আছিল বিভিন্ন ধৰণৰ। ইয়াৰে ৬৬৬০+৩৩০০ টকাৰ বেছিক পে’ পোৱা কৰ্মচাৰীৰ ভিতৰত অন্তর্ভুক্ত আছিল হাইস্কুলৰ স্নাতক শিক্ষক তথা উচ্চ প্রাথমিক বিদ্যালয়ৰ প্রধান শিক্ষক আৰু বিজ্ঞান শিক্ষকসকল। কিন্তু সপ্তম দৰমহা আয়োগে নিজৰ আৰ.অ.পি. তালিকাত পে’ বেণ্ড নায্য দৰমহাৰ দাবী মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ সকলো কৰ্মচাৰীৰ বাবে বেতন বৈচিত্র্য ৰক্ষা কৰাৰ সলনি সকলোৰে বাবে ষষ্ঠ দৰমহা আয়োগৰ আৰ.অ.পি. তালিকাত বেতন ৫২০০ বুলি ধৰি লৈ নিজে প্রস্তুত কৰা আৰ.অ.পি. তালিকাতো সকলো কর্মচাৰীৰ বাবে সমহাৰত ১৪০০০ টকা মূল বেতন ধার্য কৰি কেৱল গ্রেড পে’ৰ স্তৰত পার্থক্য ৰাখে। ফলত সপ্তম দৰমহা আয়োগৰ দৰমহা গাঁথনি প্রযোজ্য হোৱাৰ পাছত ২০১৭ চনৰ পৰৱৰ্তী পর্যায়ত চাকৰিত যোগদান কৰা স্নাতক শিক্ষকসকলৰ বাবে ২২,৭০০ টকা (১৪,০০০+৮,৭০০) মূল বেতনৰ ওপৰত দৰমহা ধার্য কৰা হয়। নতুনকৈ নিযুক্ত শিক্ষকসকলে দৰমহাৰ আসোঁৱাহৰ কোনো উমঘাম পোৱা নাছিল। কাৰণ নতুন শিক্ষকসকলে পূর্বৱর্তী ষষ্ঠ দৰমহা আয়োগৰ আৰ.অ.পি. তালিকা অধ্যয়ন কৰি নিজৰ দৰমহাৰ সৈতে তুলনা কৰাৰ বিশেষ কোনো প্রয়োজন নাছিল। কিন্তু শেহতীয়াকৈ কিছু শিক্ষকে জানিব পাৰে যে কেইমাহমানৰ ব্যৱধানত চাকৰিত যোগদান কৰা শিক্ষকৰ দৰমহাৰ মাজত অকল্পনীয় ব্যৱধান আছে। ২০১৩-২০১৪ত নিযুক্তি পোৱা তথা ২০১৭ৰ আগেয়ে পদ প্রাদেশিকীকৰণ হোৱা শিক্ষকসকলে ষষ্ঠ দৰমহা আয়োগৰ আৰ. অ.পি. তালিকাত থকা ৬,৬৬০+৩৩০০ মূল বেতনৰ সমপর্যায়ৰ মূল বেতন হিচাপে ২৭,১৪০ টকাৰ (১৮৪৪০+৮৭০০) ওপৰত গণনা কৰা মাহিলি দৰমহা গ্রহণ কৰি আছে। অর্থাৎ একেখন বিদ্যালয়ত একে প্রয়োজনীয় শিক্ষাগত অর্হতা আৰু একে শ্রেণীৰ একে কেডাৰৰ পদবীত চাকৰি কৰি থকা দুজন স্নাতক শিক্ষকৰ প্ৰথম মাহত মূল বেতনৰ পাৰ্থক্য হ’ল ৪,৪৪০ টকা। বৰ্তমানৰ ৫৮% মৰগীয়া ভাত্তা আৰু অন্যান্য ভাত্তা সংযোগ কৰিলে প্রথম মাহৰ মুঠ দৰমহাৰ পাৰ্থক্য হয়গৈ ৭,৩২৬ টকা। এই বিসংগতি দূৰ কৰিবলৈ বিভিন্ন জিলাৰ মাধ্যমিক শিক্ষক সকলে একত্রিত হৈ ‘সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চ’ নামৰ এক শিক্ষক সংগঠন গঠন কৰি সমাধানৰ পথত অগ্ৰসৰ হৈছে।

শিক্ষক সংগঠনটোৱে ৭ নবেম্বৰত এক বিবৃতিত জনোৱা মতে এই উদ্দেশ্যে মঙলদৈ চৰকাৰী উচচতৰ মাধ্যমিক বিদ্যালয়ত সদৌ অসম মাধ্যমিক স্নাতক শিক্ষক মঞ্চৰ দৰং জিলা সমিতিৰ এখন সাধাৰণ সভা অলপতে অনুষ্ঠিত হয়। মঙলদৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ স্নাতক শিক্ষক সপোন জ্যোতি ডেকাই আঁত ধৰা সভাখন পৰিচালনা কৰে উত্তৰ মঙলদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ জেষ্ঠ স্নাতক শিক্ষক দণ্ড শৰ্মাই । সভাত বহু সমসাময়িক সমস্যা আৰু শিক্ষকৰ অধিকাৰ-সুবিধা সন্দৰ্ভত আলোচনা কৰা হয়। মূলতঃ মাধ্যমিক স্নাতক শিক্ষকসকলৰ পে-বেণ্ড উন্নীত কৰাৰ প্রস্তাৱ গৃহীত, পে-বেণ্ড উন্নীত কৰাৰ জৰিয়তে মাধ্যমিক স্নাতক শিক্ষকৰ দৰমহাৰ সুৰক্ষা আৰু অৰ্থনৈতিক স্থিৰতা নিশ্চিত হ’ব বুলি সভাই একমত হয়। ৩১ মার্চ ২০১৬ চনৰ পিছত নিযুক্তি লাভ কৰা মাধ্যমিক স্নাতক শিক্ষকসকলৰ দৰমহাৰ বিসংগতি সংশোধন কৰি অষ্টম দৰমহা আয়োগৰ প্রতিবেদন নিখুঁতভাৱে বাস্তবায়নৰ প্ৰস্তাৱ গৃহীত, সংশোধন আৰু সঠিক দৰমহা স্থিৰকৰণৰ বাবে শিক্ষা বিভাগে শীঘ্রেই পদক্ষেপ গ্রহণ কৰিব লাগে বুলি সভাই দাবী জনায়। সভাত ক্ৰমে মোখতাৰুল হক,দণ্ড শৰ্মা আৰু আহছানুল ইছলামক উপদেষ্টা, বসন্ত কুমাৰ শইকীয়াক সভাপতি , জুৰি ভট্টাচাৰ্য আৰু গৌৰীভূষণ বশিষ্ঠক উপ-সভাপতি, সপোন জ্যোতি ডেকাক সম্পাদক, উৎপল বৰুৱা আৰু ইক্ৰামুল ইছলামক সহকাৰী সম্পাদক, দিব্যজ্যোতি ডেকাক সাংগঠনিক সম্পাদক , প্ৰাঞ্জল শৰ্মাক কোষাধ্যক্ষ , জেচমিন আহমেদক সাংস্কৃতিক সম্পাদক , ৰিতুল হক চৌধুৰীক শৈক্ষিক সম্পাদক, পৰিস্মিতা ভৰদ্বাজক কাৰ্যনিৰ্বাহক সদস্য, ৰাজ্যিক আব্দুল ৰাজেক আৰু উৎপল কলিতাক ৰাজ্যিক প্ৰতিনিধি হিচাপে লৈ দৰং জিলা মাধ্যমিক স্নাতক শিক্ষক মঞ্চ খন গঠন কৰা হয় বুলি দৰং জিলা সমিতিৰ সম্পাদক সপোন জ্যোতি ডেকা আৰু সাংগঠনিক সম্পাদক দিব্য জ্যোতি ডেকাই বিবৃতিটোত জানিবলৈ দিয়ে। নৱ গঠিত মঞ্চ খনৰ সৈতে জিলা খনৰ সকলো মাধ্যমিক স্নাতক শিক্ষক সকলক যোগাযোগ তথা সহায় সহযোগিতা কৰিবলৈ লগতে আহ্বান জনোৱা হয় ।













