অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ অসম মালা আঁচনিৰ অধীনত ডিমাকুছি ওদালগুৰি-তামোলপুৰ মূল পথৰ পৰা খৈৰাবাৰী হৈ আন্ধেৰিঘাটলৈ যোৱা প্ৰায় ২৮ কিঃমি দৈৰ্ঘ্যৰ পথ নিৰ্মাণৰ বাবে ৬ ডিচেম্বৰ, শণিবাৰে ডিমাকুছিত আধাৰশিলা স্থাপন কৰে।
বিটিচিৰ ওদালগুৰি জিলাৰ পশ্চিম প্ৰান্তৰ ডিমাকুছিৰ পৰা আন্ধেৰীঘাট সংযোগী প্ৰায় ২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পকীপথচোৱা নিৰ্মাণৰ বাবে অসম মালা আঁচনিৰ ৯৪ কোটি টকাৰ পুঁজি আৱন্টন দিয়া হৈছে বুলি জানিবলৈ দি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আজি এই পকী পথটি নিৰ্মাণ হৈ উঠিলে অঞ্চলটোৰ ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভুগি অহা দীৰ্ঘদিনীয়া দূৰ্ভোগৰ অন্ত পৰিব বুলি ঘোষণা কৰে ৷ আজিৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, বিটিচিৰ কাৰ্যবাহী সদস্য লৌমশ্ৰাউ দৈমাৰী, প্ৰাক্তন বিধায়িকা কমলী বসুমতাৰী, এমচিএলএ অৰ্জুন দৈমাৰী , পল টপ্প’ , ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলাৰ সভাপতি তথা মনোনিত পাৰিষদ অজয় হাজৰিকা, উপ-সভাপতি বিকন চন্দ্ৰ ডেকা , বিপিএফৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া কৃষ্ণকান্ত বসুমতাৰী প্ৰমুখ্যে বিজেপি আৰু বিপিএফৰ দলীয় নেতা সকলৰ উপৰিও ডিমাকুছি অঞ্চলৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ পথৰ আধাৰশিলা স্থাপন কৰি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিটিচি প্ৰধান গৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত মন্তব্য আগবঢ়াই বিটিচি প্ৰধান গৰাকীয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ বিপিএফৰ স্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই বুলি মন্তব্য কৰে ৷ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত বিপিএফে সদায় সহমৰ্মিতা প্ৰকাশ কৰি আহিছে বুলি মন্তব্য কৰে ৷ ছয় জনগোষ্ঠীক জনজাতিকৰণ কেন্দ্ৰীয় চৰকাৰেহে দিব ইয়াত হাগ্ৰামাৰ কোনো ভূমিকা নাই , জনজাতিকৰণ দিবলৈ দিয়া-নিদিয়াৰ মালিক মই নহয় বুলি উল্লেখ কৰি তেওঁ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়ত কেৱল এবছুৱেহে বিতৰ্কৰ সৃষ্টি কৰি অৰাজকতাৰ সৃষ্টি কৰি অহাৰ গুৰুতৰ অভিযোগ উথ্থাপন কৰে ৷ বিপিএফে জানুৱাৰী মাহৰ পৰাই আগন্তুক বিধান সভা নিৰ্বাচনৰ বাবে কুজকাৱাজ আৰম্ভ কৰিব বুলি জানিবলৈ দি হাগ্ৰামা মহিলাৰীয়ে এন ডি এৰ অংশীদাৰ হৈয়ে নিৰ্বাচনী যুদ্ধত নমাৰ ইংগিত দিয়ে ৷ হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ বিটিচিৰ মনোনিত পাৰিষদ নিযুক্তি দিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ সন্দৰ্ভত ৰাজবংশী সম্প্ৰদায়ৰ মনোনিত পাৰিষদ কৰ্মেশ্বৰ ৰায় বিটিচিৰ বাসিন্দা নহয় বুলি উত্থাপিত অভিযোগ সন্দৰ্ভত হাগ্ৰামাৰ স্পষ্ট মত – মনোনিত সদস্য সকলক ৰাজ্যপালে নিযুক্তি দিছে৷ কোন গৰাকীক কি ভিত্তিত নিযুক্তি দিছে সেয়া ৰাজ্যপালৰ বিবেচনাধীন৷ কৰ্মেশ্বৰ ৰায় বিটিচিৰ বাসিন্দা সন্দৰ্ভত উঠা অভিযোগ ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰা হ’ৱ৷ ৰাজ্যপালে গোটেই দিশটো পৰ্যালোচনা কৰি প্ৰয়োজনত কৰ্মেশ্বৰ ৰায়ৰ পাৰিষদ পদ বাতিল কৰা হ’ৱ বুলি জানিবলৈ দিয়ে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে৷














