১৫ দিনৰ ভিতৰত বৰাক উপত্যকাৰ সকলো হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণৰ কাম সম্পূৰ্ণ হ’ব : মুখ্যমন্ত্ৰী
আজি মুখ্যমন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মা কাছাৰ জিলাৰ ধলাই বিধানসভা সমষ্টিৰ বৰজালেংগা পাইওনিয়ৰ সংঘ পথাৰত ‘ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান’ৰ অধীনত প্ৰায় ২০,০৯৯ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰে। আজি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, মহিলাসকলে এই আৰ্থিক সাহায্যৰ যোগেদি ভাল ব্যৱসা কৰিলে ১০ হাজাৰৰ পৰা ৫০ হাজাৰ টকা লৈকেও প্ৰদান কৰা হ’ব। চৰকাৰৰ লক্ষ্য হৈছে প্ৰতিগৰাকী মহিলাক ‘লাখপতি বাইদেউ’ বনোৱা।
ধলাই বিধান সভা সমষ্টিৰ আৰু ৩ হাজাৰ মহিলাক অৰুণোদয় আঁচনিৰ অধীনত অনা হ’ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। আনহাতে, ১ জানুৱাৰীৰ পৰা কেৱল কলেজীয়া ছাত্ৰীৰ দৰে ছাত্ৰসকলেও আৰ্থিক সাহায্য লাভ কৰিব । তেওঁ আৰু কয়, চাহ বাগিচা অঞ্চলত বসবাস কৰা পৰিয়ালক মাটিৰ পট্টা দিয়াৰ কাম শীঘ্ৰে আৰম্ভ হ’ব।
ইপিনে, সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয়, বৰাকত উদ্যোগী সৃষ্টিৰ বাবে অতি শীঘ্ৰে এখন বিনিয়োগ সন্মিলন অনুষ্ঠিত হ’ব। আনহাতে, ১৫ দিনৰ ভিতৰত বৰাক উপত্যকাৰ সকলো হিতাধিকাৰীৰ মাজত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণৰ কাম সম্পূৰ্ণ হ’ব। মুখ্যমন্ত্রীয়ে প্রস্তাৱিত শিলচৰ উৰণীয়া সেতুখনে পৰ্যাপ্ত জনসমর্থন লাভ কৰিলেহে নির্মাণ কৰা হ’ব বুলি মন্তব্য কৰে৷ লগতে উৰণীয়া সেতুৰ বিৰোধীতা অব্যাহত থাকিলে এই প্ৰকল্পটো অনিশ্চিত হৈ পৰিব পাৰে বুলিও তেওঁ কয়।













