ইণ্ডিগ’ বিমান বাতিল আৰু উৰণত পলম হোৱাকলৈ বুধবাৰৰ পৰা বিমাণ যাত্ৰীসকল চৰম অসুবিধাৰ সন্মুখীন হৈছে। শুক্ৰবাৰেও একেই পৰিস্থিতি অব্যাহত থকাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰতো ঘন্টাৰ পিছত ঘন্টা ধৰি অপেক্ষা কৰিবলগা হৈছে ইণ্ডিগ’ বিমানৰ যাত্ৰীসকলে। গুৱাহাটীস্থিত বৰঝাৰ বিমানবন্দৰৰ পৰাও বহু কেইখন ইণ্ডিগ বিমান পলমকৈ অন্য ৰাজ্যলৈ উৰা মৰা বুলি জানিব পৰা গৈছে। কিন্তু কালিৰ দৰে আজিও বিমান বাতিল আৰু উৰণত পলম হোৱা সন্দৰ্ভত কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই। ইপিনে এক বিশেষ সূত্ৰই জনোৱা অনুসৰি চিভিল এভিয়েছনৰ নতুন নিয়মৰ বাবে বিমান বাতিল আৰু উৰণত পলম হোৱাৰ ঘটনা সংঘটিত হৈছে। সূত্ৰটোৰ মতে, চিভিল এভিয়েছনৰ নতুন নিয়ম অনুসৰি এজন বিমান পাইলতে চাৰি ঘণ্টাৰ ওপৰত বিমান চলাব নোৱাৰে। যদিহে পুনৰ বিমান সেই একেজন পাইলতে চলাব লগা হয় তেনেহলে পাইলত জনে চাৰি ঘণ্টা জিৰণি লোৱাৰ পিছত পুনৰ বিমান চলাব পাৰিব। ভাৰত বৰ্ষত সৰ্বাধিক বিমান আছে ইণ্ডিগ কৰ্তৃপক্ষৰ। চিভিল এভিয়েছনৰ এনে নতুন নিয়মৰ ফলত ভাৰত বৰ্ষত ইণ্ডিগ বিমান বাতিল আৰু পলমকৈ উৰণ কাৰ্য্য অব্যাহত আছে বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে।
ইণ্ডিগ’ৰ সেৱাত বাধা: কালিৰে পৰা বিমান বাতিল আৰু পলমৰ ফলত যাত্ৰীৰ চৰম অসুবিধা
By WPN Report
On: December 5, 2025 7:32 PM

---Advertisement---












