শিলচৰ, ৩ ডিচেম্বৰ: অসম বিশ্ববিদ্যালয়ৰ বিজনেছ এডমিনিষ্ট্ৰেচন বিভাগৰ সহকাৰী অধ্যাপক ড° হবিবুৰ ৰহমান লস্কৰ আৰু তেওঁৰ টিমে ফিনটেক ক্ষেত্ৰত এক উল্লেখযোগ্য সফলতা লাভ কৰিছে। যুক্তৰাজ্যৰ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি কাৰ্যালয়ে তেওঁলোকৰ উদ্ভাৱিত ‘ফাইনেন্স-ইণ্টিগ্ৰেটেড এচেছ কণ্ট্ৰ’ল ডিভাইচ’ৰ বাবে পেটেণ্ট প্ৰদান কৰিছে। এই পেটেণ্টৰ নম্বৰ হৈছে ৬৪৮৭০৩১।
এই সাফল্যৰ আগতে ড° লস্কৰৰ টিমে ভাৰততো এক পেটেণ্ট লাভ কৰিছিল। ২০২৪ চনৰ ২১ মাৰ্চত ‘ইকুইটি ৰিস্ক মেনেজমেণ্ট ডিভাইচ’ৰ বাবে ভাৰতীয় পেটেণ্ট (ডিজাইন নং ৪০৩২৫১-০০১) প্ৰদান কৰা হৈছিল।
এই নতুন উদ্ভাৱন ‘ফাইনেন্স-ইণ্টিগ্ৰেটেড এচেছ কণ্ট্ৰ’ল চিষ্টেম’ এনে এক ব্যৱস্থা য’ত প্ৰৱেশ নিয়ন্ত্ৰণৰ যন্ত্ৰৰ লগতেই বিত্তীয় লেনদেনৰ সুবিধা সংযোজিত কৰা হৈছে। অনুমোদিত ব্যৱহাৰকাৰীয়ে এই যন্ত্ৰৰ জৰিয়তে নিৰাপদ পৰিচয়-সংযোজিত ধন পৰিশোধ, অনুমোদন আদি বিত্তীয় কাম কাৰ্য সম্পন্ন কৰিব পাৰিব। প্ৰতিষ্ঠান আৰু কৰ্পৰেট পৰিৱেশত য’ত নিৰাপত্তা আৰু বিত্তীয় কাৰ্যৰ একেলগে প্ৰয়োজন, তাত এই যন্ত্ৰ অতি উপযোগী হ’ব বুলি বিশ্বাস কৰা হৈছে।
ড° হবিবুৰ ৰহমান লস্কৰৰ এই কামে বিত্তীয় ঝুঁকি বিশ্লেষণ, ফিনটেক আৰু বিত্তীয় ক্ষেত্ৰত অসমৰ পৰা আন্তৰ্জাতিক মানৰ উদ্ভাৱন সম্ভৱ বুলি প্ৰমাণ কৰিলে। অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য আৰু বিভাগীয় মুৰব্বীসকলে এই সাফল্যৰ বাবে ড° লস্কৰক অভিনন্দন জনাইছে।
এই পেটেণ্টে উত্তৰ-পূব ভাৰতৰ পৰা বিশ্বমানৰ ফিনটেক উদ্ভাৱনৰ এক নতুন উজ্জ্বল দৃষ্টান্ত স্থাপন কৰিলে।













