১২.৫ কোটি টকা মূল্যৰ হেৰইন জব্দ
গুৱাহাটী,২ ডিচেম্বৰ: নাৰ্কটিক কন্ট্ৰল ব্যুৰ চমুকৈ এন চি বি, গুৱাহাটীয়ে কাছাৰত অভিযান চলাই এক আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰী চক্ৰক উৎখাত কৰিবলৈ সক্ষম হৈছে। গোপন সূত্ৰৰ পম খেদি এন চি বিৰ দলে শিলচৰৰ সমীপৰ বৰাক নদীত অভিযান চলাই জব্দ কৰা এখন নাৱৰ পৰা ৬.১৪৯ কিলোগ্ৰাম হেৰইন জব্দ কৰে। নাৱখনৰ ভিতৰত ৫০৩ টা চাবোনৰ বাকচত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হেৰইন খিনিৰ বজাৰ মূল্য ১২.৫ কোটি টকা বুলি এন চি বিৰ বিষয়াই সদৰি কৰিছে। ঘটনা সন্দৰ্ভত এন চি বিৰ দলে কাছাৰ লক্ষিপুৰৰ জেকব হামাৰ আৰু মেলডি হামাৰক গ্ৰেপ্তাৰ কৰিছে। প্ৰাথমিক তদন্তত এন চি বিৰ দলে হেৰইনখিনি ম্যানমাৰৰ পৰা সৰবৰাহ কৰাৰ তথ্য লাভ কৰিছে। উল্লেখযোগ্য যে, শিলচৰ আৰক্ষী আৰু চি আৰ পি এফৰ ১৪৭ নং বেটেলিয়ানৰ সহযোগত এন চি বিয়ে এই অভিযান চলাইছিল।














