বিশ্বনাথ জিলাৰ গহপুৰ লৌগুটিৰ পৰা সোমবাৰে ৭ জনকৈ গঁড় চিকাৰী আটক কৰে বন বিভাগে । বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত পূব বনাঞ্চলিক কাৰ্যালয় গমিৰিৰ বন বিষয়া আৰু বনকৰ্মী সকলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুৰ্ধষ গঁড় চিকাৰী কেইটা । বন বিভাগে চোৰাং চিকাৰী কেইটাৰ পৰা দুই জাঁই হস্ত নিৰ্মিত গুলী সহ এটা হস্ত নিৰ্মিত অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বন বিভাগে গ্ৰেপ্তাৰ কৰা দুৰ্ধষ গঁড় চিকাৰী কেইটা ক্ৰমে বিশ্বৰূপ মিলি, বিমল পাচুং, ৰনোজ পেগু আৰু বিৰগু পেগু।আনহাতে আন তিনিজনক সোধ পোছৰ বাবে আটক কৰি অধিক তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ।
বিশ্বনাথ জিলাৰ গহপুৰত ৭ জন দুধৰ্ষ চোৰাং চিকাৰী আটক
By WPN Report
On: December 2, 2025 7:00 PM

---Advertisement---












