বৰপেটা, ১ ডিচেম্বৰ: বৰপেটা জিলা প্ৰশাসন আৰু বৰপেটা জিলা কৃষি বিভাগৰ উদ্যোগত আজি বৰপেটাত এখন কৃষক সজাগতা সভা অনুষ্ঠিত হয়। বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সজাগতা সভাত জিলাখনৰ প্ৰায় দুশ গৰাকী কৃষকে অংশগ্ৰহণ কৰে । সভাত কৃষকসকলক সমল ব্যক্তিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কৃষি কেন্দ্ৰিক আচনিবোৰৰ বিষয়ে অৱগত কৰাৰ লগতে সেইবোৰৰ পৰা দুখীয়া কৃষকসকল কিদৰে উপকৃত হব পাৰে তাৰ বাখ্যা আগবঢ়াই। বিশেষকৈ ন্যুনতম সমৰ্থিত মূল্যত কৃষকসকলক ধান আৰু সৰিয়হ বিক্ৰীৰ বাবে আগবাঢ়ি আহিবলৈ বক্তাসকলে আহ্বান জনায়। এই
অনুষ্ঠানত উপস্থিত থকা অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসেও কৃষকসকলক চৰকাৰৰ আচনিসমূহৰ সৰ্বোচ্চ লাভ আদায় কৰিবলৈ আহ্বান জনায়। বিশেষকৈ ন্যুনতম সমৰ্থিত মূল্যত ধান আৰু সৰিয়হ বিক্ৰীত গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়াই মন্ত্ৰী দাসে কয় যে ২০২১ চনত প্ৰতি কুইণ্টল ধান ২,১৫০ টকাত বিক্ৰী হোৱাৰ পৰিৱৰ্তে বৰ্তমান ন্যুনতম সমৰ্থিত মূল্যৰ বাবে সেই পৰিমাণ অসমত ২,৫৫০ টকালৈ বৃদ্ধি হৈছে। একেদৰে সৰিয়হৰ ন্যুনতম সমৰ্থিত মূল্যও অসমত এতিয়া প্ৰতি কুইণ্টলত ৬,৪০০ টকালৈ বৃদ্ধি হৈছে । কাৰণ অসম চৰকাৰে নিজাববীয়াকৈ প্ৰতি কুইণ্টল ধানৰ বিপৰীতে অতিৰিক্ত ভাবে ২৫০ টকা আৰু সৰিয়হত পাচশ টকাকৈ আগবঢ়াইছে। এই বৃদ্ধিৰ মূল লক্ষ্য হ’ল কৃষকৰ আয় দুগুণ কৰা। ইয়াৰ অংশ হিচাপে অসমত ধান ভঙা কল আৰু ভঁৰাল ঘৰৰ সংখ্যাও বৃদ্ধি হৈছে বুলি মন্ত্ৰী দাসে সদৰী কৰে।
আজিৰ অনুষ্ঠানত বৰপেটা জিলাৰ কেবাগৰাকী সফল কৃষককো সম্বৰ্ধনা জনোৱা হয়। ভাৰতীয় জনতা পাৰ্টিৰ কৃষক মৰ্চাৰ বৰপেটা জিলা সমিতিৰ সহযোগত আয়োজিত এই সজাগতা সভাত দলটোৰ কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰনজিৎ ভট্টাচাৰ্য, বৰপেটা জিলা উন্নয়ন বিভাগৰ অধ্যক্ষ অনিল কুমাৰ দাস, ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাস আদিও উপস্থিত থাকে।
পি টি চি : বৰপেটা













