৯০% দলং নিৰ্মাণৰ কাম প্ৰায় সম্পূৰ্ণ
কামৰূপ,১ ডিচেম্বৰ
নতুন বছৰৰ জানুৱাৰী মাহৰ প্ৰথম ভাগতে মুকলি কৰা হ’ব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। ডিচেম্বৰ মাহতে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বহু প্ৰত্যাশিত দলং খন। বৰ্তমান ৰাষ্টা,ফুটপাথ, বৈদ্যুতিকৰণ, ৰঙৰ কাম চলি
আছে । অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা দলং খনত খোজ কাঢ়ি অভিভূত উত্তৰ গুৱাহাটী বাসী। মুখ্যমন্ত্ৰীৰ ঘোষণা মৰ্মে জানুৱাৰীত মুকলি হ’ব গুৱাহাটী -উত্তৰ গুৱাহাটী সংযোগী দলং খন । নতুন বছৰত ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰীৰ অন্যতম উপহাৰ হ’ব এই দলং খন । ২০১৯ চনৰ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আধাৰশিলা স্থাপন কৰা দলং খনৰ কাম আৰম্ভ হৈছিল ২০২০ চনৰ আগষ্টত । ৬ লেন যুক্ত এই ” Extra Dose Cable Bridge ” খন দেখিবলৈ আটকধুনীয়া হ’ব। নদীৰ মাজত থকা দলং খনৰ মুঠ ছয়টা খুঁটাত আছে মুঠ ১৩২ দাল Cable ।এই Cable সমূহে দলং খনৰ শক্তি বৃদ্ধি কৰাৰ লগতে দেখিবলৈ মনোমোহা কৰিছে। ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰিবৰ বাবে দিনে নিশাই কাম কৰিছে নিৰ্মাণ কতৃপক্ষ SP SINGLA ই। গড়কাপ্তানী বিভাগৰ তৰফৰ পৰাও পৰ্যবেক্ষণ কৰা হৈছে দলং নিৰ্মাণৰ কাম। এই কথা সাংবাদিকক সদৰী কৰে উত্তৰ গুৱাহাটী গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ দায়িত্বত থকা গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাকেশ দাসে।













