টেছলা আৰু স্পেচএক্সৰ মুখ্য কাৰ্যবাহী বিষয়া এলন মাস্কে (Elon Musk) তেওঁৰ ব্যক্তিগত জীৱনৰ এক গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে, যাৰ ভাৰতৰ সৈতে আছে বিশেষ সংযোগ। উদ্যোগপতি নিখিল কামাথৰ (Nikhil Kamath) পডকাষ্টত অংশগ্ৰহণ কৰি মাস্কে জনায় যে তেওঁৰ সহযোগী শিভন জিলিছ (Shivon Zilis) আধা ভাৰতীয় বংশোদ্ভৱ।
তেওঁ লগতে কয় যে জিলিছৰ সৈতে তেওঁৰ এজন পুত্ৰৰ মধ্যনাম ‘শেখৰ’ (Sekhar) ৰখা হৈছে। এই নাম ভাৰতীয়-আমেৰিকান পদাৰ্থবিজ্ঞানী তথা ১৯৮৩ চনৰ নোবেল বঁটা বিজয়ী সু ব্ৰহ্মণ্যন চন্দ্ৰশেখৰৰ সন্মানত ৰখা হৈছে। মাস্কে কয় যে যদিও শিভন জিলিছক কেঁচুৱা অৱস্থাত দত্তক দিয়া হৈছিল আৰু তেওঁ কানাডাত ডাঙৰ-দীঘল হৈছিল, তথাপি তেওঁৰ পূৰ্বৰ ভেটি ভাৰতীয়।
চন্দ্ৰশেখৰে নক্ষত্ৰৰ গঠন আৰু বিৱৰ্তনৰ ওপৰত কৰা তেওঁৰ যুগান্তকাৰী গৱেষণাৰ বাবে জনাজাত। মাস্কৰ এই প্ৰকাশে ভাৰতীয় মেধাৰ প্ৰতি তেওঁৰ সন্মানেই প্ৰতিফলিত কৰিছে। তেওঁ লগতে কয় যে আমেৰিকা ভাৰতীয় প্ৰতিভাৰ দ্বাৰা যথেষ্ট লাভান্বিত হৈছে।









