অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলত উচ্ছেদ অভিযান

On: November 30, 2025 1:09 PM
Follow Us:
---Advertisement---

নগাঁও: ৰাজ্য চৰকাৰৰ নিৰ্দেশনা অনুসৰি প্ৰকৃতিৰ সুৰক্ষা আৰু বনাঞ্চল পুনৰুদ্ধাৰৰ লক্ষ্যৰে নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কচুৱাৰ লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চানখোলা ;কান্দাপাৰা ,জুৰিপাৰ ,বেদেৰীপাৰ আৰু মাজগাঁৱত অবৈধ ভাবে বসবাস কৰা পৰিয়াল সমূহক কালি পুৱাৰে পৰা সন্ধিয়া সময়লৈকে উচ্ছেদ অভিযান চলোৱাৰ পাছত বাকী থকা কিছু ঘৰ-বাৰী আজি নগাঁও জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন আৰু বন বিভাগে উচ্ছেদ চলাব বুলি জিলা প্ৰশাসনৰ সূত্ৰই জানিবলৈ দিয়ে । লটুমাৰী সংৰক্ষিত বনাঞ্চলখন মুক্ত কৰাৰ উদ্দেশ্যে কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজত আজিও এই উচ্ছেদ অভিযান চলোৱা হ’ব। উল্লেখযোগ্য যে- কালি উচ্ছেদ অভিযান চলোৱাৰ পূৰ্বে সমগ্ৰ ঠাইখিনিত অবৈধ বে-দখলকাৰী সকলৰ ৭০ শতাংশ লোকে নিজৰ নিজৰ সা-সম্পত্তি লৈ সেইস্থান ত্যাগ কৰে যদিও পকা ঘৰ দুৱাৰ,গছ-গছনি আদি থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে সেইবোৰ জেচিবিৰে ভাঙি পেলোৱা পৰিলক্ষিত হয়।
জানিব পৰা মতে- লটুমাৰী সংৰক্ষিত বনাঞ্চলৰ ভূমিত ১৭০০ পৰিয়ালে ৫,৯৬২ বিঘা চৰকাৰী ভূমিত ২,০৭০ টা কেঁচা ঘৰ আৰু ১৯২ টা পকী ঘৰ সাজি বছৰ বছৰ ধৰি অবৈধ ভাবে দখল কৰি বসবাস কৰি আছিল। আজি ক্ষন্তেক সময়ৰ পাছতে প্ৰশাসনে উক্ত অঞ্চলটোত পুনৰ উচ্ছেদ অভিযান চলোৱাৰ পূৰ্ণ প্ৰস্তুতি চলাই আছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment