ডিব্ৰুগড়, ২০ নৱেম্বৰ
ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে ২০২৪-২৫ বিত্তীয় বৰ্ষৰ বাবে কাৰ্যকৰী আৰু বিত্তীয় ক্ষেত্ৰত ১১৩% লাভ
কৰিবলৈ সক্ষম হৈছে। পলিমাৰৰ পৰা কম নিকা উপলব্ধিকে ধৰি বজাৰৰ প্ৰত্যাহ্বানৰ মাজতো বিচিপিএলে বৰ্ধিত ক্ষমতাৰে কাম কৰিছিল আৰু কাৰ্য্যকলাপৰ পৰা ৩,৫৭৯.২০ কোটি টকাৰ ৰাজহ লাভ কৰিবলৈ সক্ষম হৈছে। চলিত বিত্তীয় বৰ্ষ ২০২৫-২৬তো ২০২৫ চনৰ অক্টোবৰ মাহলৈকে উদ্যোগটোৱে ১০০%তকৈ অধিক ক্ষমতাৰে কাম কৰি আছে।কোম্পানীটোৰ ক্ৰেডিট ৰেটিং চিআৰআইএছআইএল আৰু একুইট ৰেটিং দুয়োটাই এ এ প্লাছ হিচাপে স্বীকৃতি লাভ কৰিছে। । ২০২৫ চনৰ ৩১ মাৰ্চলৈকে বিচিপিএলৰ সম্পত্তিৰ পৰিমাণ আছিল ₹৩,০১৭ কোটি।
পলিমাৰৰ মূল্য হ্ৰাস পোৱাৰ বাবে ভাৰতীয় পেট্ৰ’কেমিকেল উদ্যোগে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, যিয়ে সমগ্ৰ ঘৰুৱা খণ্ডতে মাৰ্জিন হেঁচাত ৰাখিছে। একে সময়তে ফিডষ্টকৰ দাম উচ্চ হৈয়েই ব্যৱসায়িক পৰিৱেশত আৰু অধিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈ পৰিছে। এই প্ৰত্যাহ্বানৰ মাজতো বিচিপিএলে কাৰ্য্যকৰী দক্ষতা আৰু স্থিতিস্থাপকতাৰ ওপৰত কৌশলগত মনোনিৱেশ বজাই ৰাখিছে লাভ কৰিবলৈ সক্ষম হৈছে বুলি কালি ডিব্ৰুগড়ত অনুষ্ঠিত হোৱা এক সাংবাদিকৰ সৈতে মুখামুখি অনুষ্ঠানত বি চি পি এল ৰ মুখ্য সঞ্চালক প্ৰাঞ্জল চাংমাইয়ে এইদৰে কয়।তেখেতে আৰু কয় যে কোম্পানীটোৱে বৰ্তমান ৬০১ জন কৰ্মী নিয়োগ কৰিছে আৰু প্ৰায় ২,৫০০ ঠিকাভিত্তিক শ্ৰমিকক নিয়োজিত কৰিছে, যিয়ে নিয়োগত যথেষ্ট অৰিহণা যোগাইছে। দক্ষতা বিকাশক অধিক সহায় কৰি বছৰটোৰ ভিতৰত একাধিক কাৰিকৰী আৰু পৰিচালনা শাখাত প্ৰত্যক্ষ আৰু পৰোক্ষ ভাবে নিযুক্তিও প্ৰদান কৰা হৈছে।
৬৯ জন এপ্ৰেণ্টিছৰ ৮ম বেচক অন্তৰ্ভুক্ত কৰা হয়। বিচিপিএলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত কোম্পানীটোৰ আৰ্থ-সামাজিক প্ৰভাৱৰ ওপৰত এক অধ্যয়ন চলাই আছে বুলিও বিষয়া গৰাকীয়ে মত প্ৰকাশ কৰে।
বিচিপিএলে স্বাস্থ্যসেৱা, শিক্ষা, গ্ৰাম্য আন্তঃগাঁথনি, ক্ৰীড়া, অনাময়, আৰু দক্ষতা/জীৱিকা উন্নয়নৰ দৰে মূল ক্ষেত্ৰসমূহত চিএছআৰ আঁচনি জৰিয়তে সেৱা আগবঢ়ায় আছে আৰু ২০২০-২১ বিত্তীয় বৰ্ষৰ পৰা বিচিপিএলে চিএছআৰ আঁচনি বাবে ₹৭৬.৩৫ কোটি টকা আবণ্টন দিছে, ইয়াৰে ৮০% ইতিমধ্যে ব্যৱহাৰ কৰা হৈছে। অসম চিকিৎসা মহাবিদ্যালয় যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ আন্তঃগাঁথনি উন্নীতকৰণ, ডিব্ৰুগড় জিলাৰ বিভিন্ন বিদ্যালয়ত বিশুদ্ধ খোৱাপানীৰ সুবিধা প্ৰদান, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণ, বৰবৰুৱাৰ প্ৰাথমিক স্বাস্থ্যসেৱা কেন্দ্ৰ উন্নীতকৰণ, দুৰ্গম অঞ্চল/গাঁওসমূহৰ জৰিয়তে স্বাস্থ্যসেৱা সেৱা আগবঢ়োৱা মোবাইল মেডিকেল ইউনিট। ইয়াৰ উপৰিও বিচিপিএলে নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে জীৱিকা উৎপাদনত সহায় কৰিছে আৰু বৰবৰুৱাত বহুমহলীয়া বজাৰ গৃহ নিৰ্মাণ কৰিছে। পৰিচালন সঞ্চালক গৰাকীয়ে বিচিপিএলে ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু প্ৰমোটাৰ সংস্থা অইল ইণ্ডিয়া লিমিটেড, নুমলীগড় শোধনাগাৰ লিমিটেড, আৰু গেইল (ইণ্ডিয়া) লিমিটেডে আগবঢ়োৱা সহায়ৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰা লগতে জিলা প্ৰশাসনৰ সহযোগিতা লগতে সংবাদ মাধ্যমৰ প্ৰতিও কৃতজ্ঞতা প্ৰকাশ কৰে।
পি টি চি,ডিব্ৰুগড়
যাদৱ গগৈ













