অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ৰাজীৱ ভৱনত ২২ খন জিলাৰ সভাপতি-সম্পাদকক লৈ পৰ্যালোচনা বৈঠক

On: November 30, 2025 12:52 PM
Follow Us:
---Advertisement---

গুৱাহাটী, ২৯ নৱেম্বৰঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে আজি বুথ পৰ্যায়ত দলৰ সাংগঠনিক স্থিতি পৰ্যালোচনা কৰিবলৈ ২২ খন জিলাৰ সভাপতি আৰু সম্পাদকসকলক লৈ ৰাজীৱ ভৱনত দিনযোৰা এক বৈঠকত অংশগ্ৰহণ কৰে। এই বৈঠকত জিলাৰ সভাপতিসকলৰ লগতে তত্বাৱধায়কসকলৰ লগত বিএলএৰ তালিকাৰ সবিশেষ তথা বুথ গঠনৰ কাম শেষ হ’ল নে নাই সেই বিষয়েও আলোচনা হয়। বুথসমূহত চলি থকা চৰকাৰী দুৰ্নীতি আৰু অনিয়মৰ বিষয়সমূহ সঠিকভাৱে ৰাইজৰ আগত দাঙি ধৰিবলৈ সভাত আলোচনা হয় আৰু অহা ১০ ডিচেম্বৰৰ পৰা এক কাৰ্যসূচী গ্ৰহণৰো সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে, ১৪ ডিচেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত ‘ভোট চোৰ গাদী ছোড়’ শীৰ্ষক বিশাল প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰিবলৈ জিলা আৰু সমষ্টিভিত্তিক প্ৰতিনিধি প্ৰেৰণৰ বিষয়টোও আজিৰ সভাই নিৰ্দিষ্ট কৰি দিয়ে। বৈঠকত দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) বিপুল গগৈয়ো উপস্থিত থাকে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment