পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ (Imran Khan) স্বাস্থ্য আৰু নিৰাপত্তা সন্দৰ্ভত এক গভীৰ ৰাজনৈতিক সংকট আৰু উদ্বেগৰ সৃষ্টি হৈছে। জে’লত বন্দী হৈ থকা ইমৰাণ খানক যোৱা ছয় সপ্তাহ ধৰি সম্পূৰ্ণ একাকীত্বত (Total Isolation) ৰখা হৈছে বুলি তেওঁৰ পুত্ৰই অভিযোগ উত্থাপন কৰিছে। ইমৰাণ খানৰ পুত্ৰই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ জৰিয়তে দাবী কৰিছে যে তেওঁৰ পিতৃক জীৱিত থকাৰ ‘কোনো প্ৰমাণ’ (No Proof of Life) দিয়া হোৱা নাই আৰু তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ দিয়া হোৱা নাই।
ইমৰাণ খানক পূৰ্বে একাধিক দুৰ্নীতি আৰু ৰাজ্যিক গোপনীয়তা ভংগৰ অভিযোগত দোষী সাব্যস্ত কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল। তেওঁৰ পুত্ৰৰ এই অভিযোগৰ পাছত পাকিস্তানৰ মানৱ অধিকাৰ সংগঠনসমূহে উদ্বেগ প্ৰকাশ কৰিছে।
ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাৰ কেইবাজনো নেতাই এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু পাকিস্তান চৰকাৰক ইমৰাণ খানৰ স্বাস্থ্য আৰু নিৰাপত্তাৰ নিশ্চিতি প্ৰদান কৰিবলৈ আহ্বান জনাইছে। তেওঁৰ দল ‘পাকিস্তান তেহৰিক-ই-ইনছাফ’ৰ (PTI) সমৰ্থকসকলে দেশজুৰি প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। চৰকাৰে এই অভিযোগসমূহ খণ্ডন কৰিছে যদিও ইমৰাণ খানৰ অধিবক্তা সকলক তেওঁক সাক্ষাত কৰাৰ অনুমতি দিয়া নাই।









