অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

ট্ৰাম্পৰ ডেম’ক্ৰেট সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ: ‘দেশদ্ৰোহ’ৰ অপৰাধত মৃত্যুদণ্ডৰ হুংকাৰ

On: November 21, 2025 10:54 AM
Follow Us:
---Advertisement---

ৱাশ্বিংটন, ২১ নৱেম্বৰ: আমেৰিকাৰ ৰাজনীতিত পুনৰ তোলপাৰ। ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৬ গৰাকী ডেম’ক্ৰেট সাংসদৰ বিৰুদ্ধে “দেশদ্ৰোহী আচৰণ”ৰ (Seditious Behavior) গুৰুতৰ অভিযোগ উত্থাপন কৰিছে আৰু ইয়াৰ শাস্তি “মৃত্যুদণ্ড” হ’ব পাৰে বুলি হুংকাৰ দিছে।

ঘটনাৰ সূত্ৰপাত এটা ভিডিঅ’ বাৰ্তাক লৈ। প্ৰাক্তন সামৰিক বিষয়া তথা বৰ্তমানৰ এই ৬ গৰাকী ডেম’ক্ৰেট সাংসদে আমেৰিকাৰ সেনাবাহিনীক উদ্দেশ্যি এক বাৰ্তাত কৈছিল যে তেওঁলোকে সংবিধান ৰক্ষাৰ শপত লৈছে আৰু কোনো “বেআইনী নিৰ্দেশ” (Illegal Orders) পালন কৰিবলৈ বাধ্য নহয়। এই ভিডিঅ’টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ট্ৰাম্পে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘ট্ৰুথ ছ’চিয়েল’ত কয় যে এয়া দেশৰ বাবে বিপদজনক আৰু ইয়াৰ বাবে তেওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত। তেওঁ স্পষ্টকৈ লিখে, “এয়া দেশদ্ৰোহী আচৰণ, যি মৃত্যুদণ্ডৰ যোগ্য!”

ট্ৰাম্পৰ এই মন্তব্যক ডেম’ক্ৰেট নেতাসকলে তীব্ৰ ভাষাৰে গৰিহণা দিছে। তেওঁলোকে কয় যে ৰাষ্ট্ৰপতিৰ এনে হিংসাত্মক মন্তব্যই নিৰ্বাচিত প্ৰতিনিধিসকলৰ জীৱনলৈ ভাবুকি কঢ়িয়াই আনিব পাৰে। চিনেটৰ ডেম’ক্ৰেট দলৰ নেতা চাক শ্বুমাৰে ইয়াক “গণতন্ত্ৰৰ বাবে এক ভয়ানক ভাবুকি” বুলি অভিহিত কৰিছে। আনহাতে, এই বিতৰ্কই আমেৰিকাৰ সেনা আৰু প্ৰশাসনৰ মাজত চলি থকা সংঘাতক পুনৰ পোহৰলৈ আনিছে।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment