মঙলদৈ :: গাহৰিৰ ক্ষেত্রত ভাইৰাছজনিত ৰোগ হিচাপে পৰিগণিত আফ্রিকান ছৱাইন ফিভাৰ ৰাজ্যখনৰ বিভিন্ন প্রান্তত সংক্ৰমিতৰ হাৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে এক অধিসূচনাৰ জৰিয়তে এখন জিলাৰ পৰা আন এখন জিলালৈ গাহৰিৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে।
তদুপৰি দৰঙকে ধৰি সাতখন জিলা ক্রমে ধেমাজি, কামৰূপ ,লখিমপুৰ, শিৱসাগৰ, যোৰহাট আৰু ডিব্ৰুগড়ত গাহৰি সৰবৰাহৰ লগতে গাহৰিৰ মাংস বিক্রী সম্পূর্ণৰূপে নিষিদ্ধ কৰা হৈছে। দৰং জিলাত তৎকালীনভাৱে এই নিষেধাজ্ঞা বলবৎ হৈছে আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি জিলা জনসংযোগ বিভাগে সোমবাৰে সন্ধিয়া এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জনায়। ।
আজি মঙলদৈৰ চপাই, মেধিপাৰাৰ তিনি খন ফাৰ্মত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত ৬৯ টা গাহৰি পশুপালন আৰু পশু চিকিৎসা বিভাগে হত্যা কৰে।













