ৰাষ্ট্ৰীয় প্ৰেছ দিৱসতে ইতিবাচক দৃষ্টি ভংগীৰে ইলেক্ট্ৰনিক সংবাদ ক্ষেত্ৰখনলৈ আগমন ঘটে দ্বিভাষিক ৱেব পৰ্টেল ‘ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজ’। শুভাৰম্ভ কৰে পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট লোকশিল্পী দ্ৰোণ ভূঞাই।
নিউজ পৰ্টেল ট্ৰাষ্টৰ দ্বাৰা সম্বৰ্ধিত
বৰ্ষীয়ান সাংবাদিক ডঃ নগেন্দ্ৰনাথ শৰ্মা।
মঙলদৈ, ১৬ নৱেম্বৰঃ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনাই মঙলদৈত ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজ পৰ্টেল নামৰ এক দ্বি ভাষিক নিউজ পৰ্টেলৰ ইলেক্ট্ৰনিক সংবাদ মাধ্যমৰ ক্ষেত্ৰ খনত ভূমুকি মাৰে। এই উপলক্ষে মঙলদৈ ব্লক চ’কত থকা পৰ্টেলৰ কাৰ্যালয় প্ৰাংগনত এক উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। পদ্মশ্ৰী বঁটা প্ৰাপক বিশিষ্ট ওজাপালি শিল্পী দ্ৰোণ ভূঞাই নিউজ পৰ্টেলটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধন কৰি ‘সত্যৰ ওপৰত প্ৰতিষ্ঠিত সংবাদ পৰিবেশন কৰিবলৈ তেওঁ আহ্বান জনায়। ওৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজ ট্ৰাষ্টৰ বেনাৰত যুৱ উদ্যোগী সিদ্ধাৰ্থ বৰুৱাৰ নেতৃত্বত ভূমুকি মৰা এই নিউজ পৰ্টেল মুকলি অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ড০ বুধিন হাজৰিকা, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অভিনেত্ৰী, বিশিষ্ট নৃত্য পটিয়সী ৰূপশিখা শালৈ, প্ৰবীণ সমাজসেৱক অৰুণ কুমাৰ বৰুৱা, অৱসৰপ্ৰাপ্ত পশুপালন বিষয়া ডাঃ ভূপেন চহৰীয়া, যুৱক কৃতী শিক্ষক শশাংক হাজৰিকা, জ্যেষ্ঠ সাংবাদিক ময়ূখ গোস্বামী, হেমন্ত কুমাৰ বৰুৱা, শ্ৰৱণ কুমাৰ ঝা, লেখক মলয় বৰুৱাই শুভেচ্ছামূলক বক্তব্য প্ৰদান কৰে। ৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজ ট্ৰাষ্টৰ বেনাৰত মুকলি কৰা এই নিউজ পৰ্টেলৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে ময়ুৰী চৌধুৰীয়ে। অনুষ্ঠানত কন্ঠ শিল্পী কবিতা বৰুৱা আৰু জোনমনি শইকীয়াই গীত পৰিবেশন কৰি উপস্থিত সকলোকে মনোৰঞ্জন দিয়ে। ইয়াৰ পূৰ্বে ওৱৰ্ল্ড প্ৰগ্ৰেছিভ নিউজ ট্ৰাষ্টৰ হৈ দৰং জিলাৰ বৰ্ষীয়ান সাংবাদিক, মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, প্ৰাক্তন বিধায়ক, বিশিষ্ট সাহিত্যিক ডঃ নগেন্দ্ৰনাথ শৰ্মাক তেওঁৰ বাসগৃহত গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ।













Many many congratulations 👏 and best wishes for the new journey of life.