অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

লোকশিল্পী ৰামচৰণ ভৰালীৰ বিয়োগ

On: November 16, 2025 1:57 PM
Follow Us:
---Advertisement---

অসমৰ লোক সংস্কৃতিৰ নাগাৰা নামৰ একান্ত সাধক তথা বিশিষ্ট পাঠক শ্ৰী ৰামচৰণ ভৰালীৰ দেহাৱসান ঘটিছে। বৃহস্পতিবাৰে মাজনিশা নলবাৰীৰ কুমাৰীকাটাস্থিত নিজ বাসগৃহত এই বৰেণ্য শিল্পীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। তেওঁৰ বিয়োগত অসমৰ লোক সাংস্কৃতিক ক্ষেত্ৰত এক গভীৰ শূন্যতাৰ সৃষ্টি হৈছে, যিটো নাগাৰা নামৰ এটা যুগৰ অৱসান বুলি বিবেচিত হৈছে।

ৰামচৰণ ভৰালীয়ে ১৯৬৭ চনত নিজা গাঁৱতে নাগাৰা নামৰ দল গঠন কৰি এই শিল্পক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। নাগাৰা নামৰ জগতত তেওঁৰ অগাধ জ্ঞান আৰু দক্ষতাৰ বাবে তেওঁ “নাগাৰা নামৰ সূৰ্য” উপাধি লাভ কৰিছিল। তদুপৰি তেখেত আছিল প্ৰথমগৰাকী শিল্পী পেন্সনপ্ৰাপক।

তেওঁ ‘ভোকৰা পাঠাৰ বিয়া’, ‘নাগেশ্বৰৰ বিয়া’, আৰু ‘পদ্মাৰ জন্ম’ৰ দৰে জনপ্ৰিয় ভক্তিমূলক নামসমূহ পৰিৱেশন কৰিছিল আৰু ১৯৮৫ চনৰ পৰা প্ৰায় ৯০খন কেছেট মুকলি কৰিছিল। মৃত্যুৰ কিছুদিন আগলৈকে ৰাজ্যৰ ভিন্ন প্ৰান্তত নাম পৰিৱেশন কৰি থকা এই হাঁহিমুখীয়া শিল্পীগৰাকী সকলো প্ৰজন্মৰ বাবে আছিল ৰসৰ ভঁড়াল। তেওঁ কেৱল এজন শিল্পীয়েই নাছিল, জাতীয় সংস্কৃতিৰ এজন শক্তিশালী ধাৰক আছিল।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment