অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

নেপালৰ এভাৰেষ্ট অঞ্চলত বেয়া বতৰৰ বাবে শতাধিক পৰ্যটক আবদ্ধ হৈ পৰিছে

On: November 16, 2025 3:01 PM
Follow Us:
---Advertisement---

নেপালৰ এভাৰেষ্ট অঞ্চলত থকা লুকলা বিমানবন্দৰত বেয়া বতৰৰ বাবে বিমান চলাচল বন্ধ হৈ থকাত শতাধিক পৰ্যটক আ্বদ্ধ হৈ পৰিছে। ২০২৫ চনৰ ৩০ অক্টোবৰৰ পৰা অবিৰত বৰষুণ, কুঁৱলী আৰু ডাৱৰাচ্ছন্ন আকাশৰ বাবে দৃশ্যমানতা অত্যন্ত কম হৈ পৰিছে, যাৰ ফলত বিমানসমূহ চলাচল কৰিব পৰা নাই। এই বিমানবন্দৰটো মাউন্ট এভাৰেষ্ট আৰু অঞ্চলটোৰ অন্যান্য শৃংগলৈ যোৱাৰ প্ৰৱেশদ্বাৰ হিচাপে পৰিচিত।

সোলুখুম্বু জিলাৰ সহকাৰী মুখ্য জিলা বিষয়া সুৰেন্দ্ৰ থাপাই জনাইছে যে, বেয়া বতৰৰ বাবে বিমান চলাচল বন্ধ হৈ আছে। তাৰ ফলত, যিসকল পৰ্যটকে এভাৰেষ্ট বেছ কেম্প ভ্ৰমণ কৰি লুকলালৈ ঘূৰি আহিছিল, তেওঁলোকে এতিয়া কাঠমাণ্ডুলৈ ঘূৰি যোৱাৰ বাবে কোনো বিমান পোৱা নাই।

লুকলা আৰু ওচৰৰ নামচে বজাৰৰ হোটেলসমূহ পৰ্যটকে্ৰে ভৰি পৰিছে। তাৰা এয়াৰলাইন্স, লুকলাৰ ইন-চাৰ্জ অমৃত মাগৰে জনাইছে যে, প্ৰায় ১,৫০০ পৰ্যটক, যিসকলে এই এয়াৰলাইন্সৰ পৰা টিকট বুকিং কৰিছিল, লুকলাতেই আবদ্ধ হৈ আছে।

কাঠমাণ্ডুৰ জলবায়ু আৰু বতৰ পূৰ্বানুমান বিভাগৰ মতে, বৰষুণ আৰু তুষাৰপাত এতিয়াও বন্ধ হোৱাৰ সম্ভাৱনা নাই। কোশী প্ৰদেশসহ পাহাৰীয়া অঞ্চলসমূহত অহা কেইদিনমান ধৰি বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই পৰিস্থিতিয়ে পৰ্যটন ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলাইছে

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment