ধুমুহা মন্থাৰ প্ৰভাৱত অন্ধ্ৰপ্ৰদেশ আৰু উড়়িষাত বিস্তৰ ক্ষতি সাধন হৈছে। অন্ধ্ৰত ইয়াৰ ফলত কেইবাজনে প্ৰাণ হেৰুৱাইছে। উড়়িষাত প্ৰচণ্ড বৰষুণৰ লগতে ভূমিস্খলনৰ বাতৰি পোৱা গৈছে। মন্থাৰ শক্তি লাহে লাহে কমি আহিলেও ইয়াৰ ফলত অসমতো চাৰি পাচ দিন ঠায়ে ঠায়ে প্ৰবল বৰষুণ হোৱাৰ সম্ভাবনা আছে। ইয়াৰ ফলত ৰাজ্য়খনত শীত নামি অহাৰ লক্ষণ দেখা গৈছে। ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সতৰ্কবাণী জাৰি কৰিছে।
---Advertisement---













