ইলন মাস্কে উইকিপিডিয়াক প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ প্ৰস্তুত কৰি উলিয়াইছে গ্ৰ’কিপিডিয়া । ইলন মাস্কৰ উইকিপিডিয়াৰ সৈতে আছে দীঘলীয়া বিবাদ, বিশেষকৈ ইয়াৰ তথ্য ব্যৱস্থাপনা পদ্ধতিক লৈ। এই কাৰণেই তেওঁৰ AI প্ৰতিষ্ঠান xAI-এ এখন বিকল্প এনচাইক্ল’পিডিয়া আগবঢ়াইছে, যাক তেওঁ উইকিপিডিয়াতকৈ উন্নত বুলি দাবী কৰিছে। এই নতুন প্লেটফৰ্মখনৰ নাম “গ্ৰ’কিপিডিয়া” আৰু ই গ্ৰ’কৰ AI-ত আধাৰিত, যি ৰাজনৈতিক পক্ষপাতিত্ব নথকা তথ্য-ভৰপূৰ এনচাইক্ল’পিডিয়া হব বুলি প্ৰকাশ । জনসাধাৰণৰ বাবে আজিৰ পৰাই গ্ৰ’কিপিডিয়া উপলব্ধ হব বুলি জানিব পৰা গৈছে।
---Advertisement---













