মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ এনাৰুল ইছলাম নামৰ এজন ধৰ্ষণকাৰীক মৰিগাঁও পক’চ আদালতে বৃহস্পতিবাৰে সৰ্বমুঠ ২৫ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। প্ৰাপ্ত তথ্য মতে এই লোকজনৰ বিৰুদ্ধে এবছৰ পূৰ্বে এক জঘণ্য ধৰ্ষণ কাণ্ড সংঘটিত কৰাৰ অভিযোগত মৈৰাবাৰী আৰক্ষী থানাত ১৫৮/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। এই ঘটনাটোৰ তদন্ত কৰি আৰক্ষীয়ে মৰিগাঁও পক’চ আদালতত তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামা দাখিল কৰিছিল। নাবালিকা ধৰ্ষণৰ উক্ত গোচৰ আৰু অভিযোগনামাৰ ভিত্তিত মৰিগাঁও পক’চ আদালতে বিচাৰ প্ৰক্ৰিয়া চলাই বৃহস্পতিবাৰে মৰিগাঁৱৰ অতিৰিক্ত সত্ৰ ন্যায়াধীশ তথা পক’চ আদালতৰ বিশেষ ন্যায়াধীশ ৰিণী ভড়ালীৰ আদালতে ধৰ্ষণ কাণ্ডৰ অপৰাধী এনাৰুল ইছলামক পক’চ আইনৰ ৬ নং ধাৰাত দোষী সাব্যস্ত কৰি ২০ বছৰ আৰু ভাৰতীৰ ন্যায় সংহিতাৰ ৩৩২ নং ধাৰাত অতিৰিক্ত ৫ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰিছে। আনহাতে একেখন পক’চ আদালতে কালি মৈৰাবাৰীৰ মুকছিদুৰ ৰহমান নামৰ আন এজন ধৰ্ষণকাৰীক ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। প্ৰাপ্ত তথ্য মতে এই ধৰ্ষণকাৰীটোৰ বিৰুদ্ধে এবছৰ পূৰ্বে মৈৰাবাৰী আৰক্ষী থানাত ৩১/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছিল। এই গোচৰৰ তদন্তৰ প্ৰতিবেদন আৰু অভিযোগনামাৰ ভিত্তিত মৰিগাঁও পক’চ আদালতে বুধবাৰে পক’চ আইনৰ ৬ নং ধাৰাত ২০ বছৰ আৰু ভাৰতীৰ দণ্ডবিধিৰ ৪৪৮ নং ধাৰাত দোষী সাব্যস্ত কৰি অতিৰিক্ত এবছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে ১৫ হাজাৰ টকাৰ আৰ্থিক জৰিমনাৰ আদেশ জাৰি কৰে।
মৰিগাঁৱত দুই নাবালিকা ধৰ্ষণকাৰীক পক’চ আদালতৰ সশ্ৰম কাৰাদণ্ডৰ লগতে আৰ্থিক জৰিমনা
By WPN Report
On: December 12, 2025 10:59 AM

---Advertisement---












