অসমৰ প্ৰিয় সন্তান তথা কিংবদন্তী গায়ক, জুবিন গাৰ্গে কেৱল ৰাজ্যখনৰ মানুহৰেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু তাৰ বাহিৰতো নিজৰ স্থান অক্ষুণ্ণ ৰাখিছে।
সংগীত আৰু সংস্কৃতিলৈ তেওঁৰ অপৰিসীম অৱদানক স্বীকাৰ কৰি মেঘালয় চৰকাৰে ২০২৫ চনৰ ১৪ আৰু ১৫ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া চেৰী ব্লজম ফেষ্টিভেলত এই সাংস্কৃতিক আইকনগৰাকীলৈ এক বিশেষ শ্ৰদ্ধাঞ্জলি।অনুষ্ঠান আয়োজন কৰিব।
এই অঞ্চলটোৰ অন্যতম আইকনিক অনুষ্ঠান এই উৎসৱত শ্বিলঙত থকা প্ৰায় ৫০,০০০ পৰ্যটকক আকৰ্ষিত কৰাৰ লগতে উৎসৱত অংশ হ’বলৈ লক্ষাধিক লোক ৰাজ্যখন ভ্ৰমণ কৰাৰ আশা কৰা হৈছে।
সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয়, “চেৰী ব্লজম ফেষ্টিভেল ২০২৫ সংগীত আৰু সংস্কৃতিৰ এক বিৰাট উদযাপন হ’ব, য’ত মেঘালয়ৰ চহকী বৈচিত্ৰ্য প্ৰদৰ্শিত হ’ব। এই উৎসৱত জুবিন গাৰ্গৰ লগৰ সংগীতজ্ঞসকলে কৰা পৰিৱেশনেৰে এই কিংবদন্তী শিল্পীগৰাকীলৈ আমি এটা বিশেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ ব্যৱস্থা কৰিছো।”
মুখ্যমন্ত্ৰীয়ে এক আকৰ্ষণীয় লাইন-আপৰ কথা প্ৰকাশ কৰে, য’ত প্ৰথম দিনা দ্য স্ক্ৰিপ্ট, জেচন ডেৰুলো, নোৰা ফটেহী, ডাপেষ্ট এক্স এডিএল, আৰু জে ট্ৰিকৰ দৰে বিশ্বৰ তাৰকা শিল্পী থাকিব, তাৰ পিছত দ্বিতীয় দিনা আকুৱা আৰু ৰেপ-পপ তাৰকা টাইগাৰ প্ৰদৰ্শন আৰু বিশ্ববিখ্যাত ডিজে আৰু প্ৰযোজক ডিপ্লোৰ এক চমকপ্ৰদ সামৰণি অনুষ্ঠান থাকিব।
অনুষ্ঠানটোত মেবা অফিলিয়া, ড্ৰাম টাও, ৱাল্টাৰ ৱাহলাং, গিৰীশ এণ্ড দ্য ক্ৰনিকলছৰ পৰিৱেশন আৰু এটা বিশেষ জুবিন গাৰ্গ ট্ৰিবিউটৰ লগতে কছপ্লে শ্ব’কেছ আৰু আৰিয়াছ আৰু অহনাৰ দৰে স্থানীয় প্ৰতিভাসমূহৰ পৰিৱেশনো থাকিব।
উৎসৱত মিষ্টাৰ এণ্ড মিছ চেৰী ব্লজম প্ৰতিযোগিতা, কছপ্লে, আৰু চেৰী ব্লজম আৰ্ম ৰেছলিংৰ দৰে আকৰ্ষণীয় সাংস্কৃতিক প্ৰতিযোগিতাসমূহো অনুষ্ঠিত হ’ব, যাৰ বাবে জেএন ষ্টেডিয়াম, প’লো গ্ৰাউণ্ডছ, আৰু এমএফএ গ্ৰাউণ্ডছকে ধৰি একাধিক স্থানত উৎসৱৰ আয়োজন কৰা হ’ব। টিকট অনলাইন আৰু শ্বিলঙৰ নিৰ্দিষ্ট বক্স অফিচসমূহতো উপলব্ধ হ’ব।
মেঘালয় চৰকাৰে জুবিন গাৰ্গক চেৰী ব্লজম ফেষ্টিভেলত জনাব বিশেষ শ্ৰদ্ধান্জলী
By WPN Report
On: November 16, 2025 3:09 PM

---Advertisement---












