অৰ্থনীতিআন্তৰ্জাতিকক্ৰীড়াজীৱনশৈলীপৰিৱেশপ্ৰযুক্তিবিনোদনৰাজনীতিশিক্ষাসংস্কৃতিস্বাস্থ্যচৰকাৰী আঁচনিৱেব ষ্ট'ৰী

দৰঙত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। ১১ গৰাকী সাংবাদিকক সম্বৰ্ধনা

On: November 16, 2025 11:17 PM
Follow Us:
---Advertisement---

মঙলদৈ ১৬ নবেম্বৰ :: ১৯৬৬ চনৰ ১৬ নবেম্বৰত প্ৰেছ কাউন্সিল অব্ ইণ্ডিয়া কাৰ্যক্ষম হোৱাৰ লগত সংগতি ৰাখি  ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰি অহা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দৰং জিলাতো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত জিলা আয়ুক্তৰ মঙলদৈস্থিত কাৰ্যালয়ৰ সভাগৃহত এখন সভাৰ আয়োজন কৰা হয়। জিলা আয়ুক্তৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ এই বছৰৰ বিষয় বস্তু ‘ বিভ্ৰান্তিমূলক তথ্যৰ মাজত সংবাদ সেৱাৰ বিশ্বাসযোগ্যতাক সুৰক্ষা প্ৰদান’ সন্দৰ্ভত বক্তৃতা প্ৰদান কৰে দৰং জিলা শিক্ষণ প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰবক্তা ড০ হিমাংশু গোস্বামীয়ে। এই অনুষ্ঠানতে জেষ্ঠ সাংবাদিক শ্ৰৱণ কুমাৰ ঝা, গগন চহৰীয়া, জয়ন্ত ৰায়, ৰত্নেশ্বৰ চহৰীয়া, লক্ষীনন্দন কলিতা, নিৰঞ্জন শৰ্মা, নীতা ঘোষ, আব্দুল হাকিমকে ধৰি  জিলাখনৰ এঘাৰ গৰাকী চৰকাৰী স্বীকৃত সাংবাদিকক গামোচা, স্মাৰক আদিৰে সম্বৰ্ধনা জনায়। অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, সহকাৰী আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া ডাঃ স্মৃতাশ্ৰী বৰুৱা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কমলা কান্ত বৰা, জেষ্ঠ সাংবাদিক ময়ূখ গোস্বামী, হোমেন কাকতি আদিয়ে বক্তব্য আগবঢ়ায়।।

Join WhatsApp

Join Now

Join Telegram

Join Now

Leave a comment