অসম চৰকাৰে Googleৰ সৈতে এক গুৰুত্বপূৰ্ণ বুজাবুজি চুক্তি (MoU) স্বাক্ষৰ কৰিছে। এই চুক্তিৰ মূল উদ্দেশ্য হৈছে কৃত্রিম বুদ্ধিমত্তা (Artificial Intelligence – AI) প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাজ্যখনৰ প্ৰশাসনীয় কাম-কাজৰ দক্ষতা, গতি আৰু স্বচ্ছতা বৃদ্ধি কৰা। এই অংশীদাৰিত্বৰ জৰিয়তে অসমত AI governanceৰ বাবে এক শক্তিশালী কাঠামো গঢ়ি তোলা হ’ব। লগতে, চৰকাৰী কৰ্মচাৰীসকলৰ AI দক্ষতা বৃদ্ধিৰ বাবেও কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। ইয়াৰ উপৰিও, গুৱাহাটীত Google আৰু তেওঁলোকৰ অংশীদাৰ Paradigm IT ৰ সহযোগত ‘AI centre of excellence for governance solutions’ এটা স্থাপন কৰা হ’ব, যিয়ে বিভিন্ন বিভাগৰ সমস্যা সমাধানত সহায় কৰিব। অসমক উত্তৰ-পূব ভাৰতৰ ‘AI hub’ হিচাপে গঢ়ি তোলাৰ বাবেও চৰকাৰে লক্ষ্য লৈছে।
তথ্য প্ৰযুক্তি ক্ষেত্ৰ খনত অসম চৰকাৰৰ এক বৃহৎ সংযোজন
By WPN Report
On: November 16, 2025 1:45 PM

---Advertisement---












