অসমে পৰিৱেশ-অনুকূল পৰিবহনৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। গুৱাহাটী চহৰৰ দুটা মুখ্য ট্ৰেফিক পথেৰে বিদ্যুৎ চালিত বাছ (electric buses) চলাচল কৰিবলৈ পৰিকল্পনা কৰা হৈছে।
এই মূখ্য পথ দুটা হল ১. খানাপাৰাৰ পৰা ধৰাপুৰ ২. বশিষ্ঠৰ পৰা আমিনগাঁও
এই পথসমূহক সম্পূৰ্ণৰূপে “সেউজীয়া কৰিডৰ” (green corridors) হিচাপে গঢ়ি তোলা হ’ব। প্ৰধানমন্ত্ৰী ই-বাছ সেৱা আঁচনিৰ অধীনত এই বাছসমূহ শীঘ্ৰেই আৰম্ভ কৰা হ’ব। এই প্ৰচেষ্টাৰ মূল উদ্দেশ্য হৈছে গুৱাহাটীৰ বায়ুৰ গুণাগুণ উন্নত কৰা আৰু পৰিৱহন খণ্ডৰ প্ৰদূষণ হ্ৰাস কৰা। এই পদক্ষেপটো ২০৩০ চনৰ ভিতৰত ৰাজ্যৰ সকলো চৰকাৰী আৰু ৰাজহুৱা পৰিবহন বাহন বিদ্যুৎ চালিত কৰাৰ লক্ষ্যৰে লোৱা হৈছে।













