উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ চূনাৰ জংচন (Chunar Junction) ৰেল ষ্টেচনত আজি (৫ নৱেম্বৰ, ২০২৫) পুৱা এক শোকাবহ দুৰ্ঘটনা সংঘটিত হয়।
কাৰ্তিক পূৰ্ণিমা উপলক্ষে স্নানৰ বাবে অহা কেইগৰাকীমান তীৰ্থযাত্ৰীয়ে ফুট অভাৰ ব্ৰীজ ব্যৱহাৰ কৰাৰ সলনি ৰেলপথ পাৰ হবলৈ চেষ্টা কৰাৰ সময়ত তীব্ৰবেগী নেতাজী এক্সপ্ৰেছ (Netaji Express) ৰে’লৰ খুন্দাত ৬ জন লোকৰ থিতাতে মৃত্যু হয়। মৃত আটাইকেইগৰাকীয়েই মহিলা। আন কেইবাজনো লোক আহত হৈছে।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে এই ঘটনাত শোক প্ৰকাশ কৰিছে আৰু মৃতকৰ পৰিয়াললৈ ২ লাখ টকাৰ ক্ষতিপূৰণ ঘোষণা কৰিছে।











