অসম আন্দোলনৰ উৎপত্তিৰ জিলা দৰঙতো শ্বহীদ দিৱস উদযাপন কৰা হয়। দৰং জিলা প্ৰশাসনৰ উদ্যোগত এই উপলক্ষে মঙলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজন কৰা শ্বহীদ প্ৰণামো তোমাক অনুষ্ঠানত ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চৰণ বড়ো মুখ্য অতিথি হিচাপে উপস্হিত থাকি দৰং জিলাৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত ড০ ভূপেন হাজৰিকা দেৱৰ কালজয়ী গীত ‘শ্বহীদ প্ৰণামো তোমাক’ সহস্ৰাধিক শিল্পী, ছাত্ৰ ছাত্ৰী, পুৰুষ, মহিলাই সমূহীয়াকৈ পৰিবেশন কৰে । অনুষ্ঠানত মঙলদৈৰ বিধায়ক বসন্ত দাস, প্ৰাক্তন গুৰুজ্যোতি দাস, জিলা আয়ুক্ত পৰাগ কুমাৰ কাকতী, দৰং জিলা পৰিষদৰ সভানেত্ৰী শেৱালি গোস্বামী কলিতা, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আদি বহু বিশিষ্ট লোক উপস্থিত থাকে














